পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ কাৰ্যাৱলী আৰু উদ্দেশ্যসমূহ এনে ধৰণৰ –
- পৌৰ সংস্থা, নগৰ সমিতি আদিৰ সঞ্চালনৰ বাবে পৌৰ প্ৰশাসন বিভাগ (বৰ্তমান নগৰ উন্নয়ন বিভাগ) ক্ষেত্ৰ বিষয়া হিচাপে কাম কৰা।
- পৌৰ প্ৰশাসন বিভাগ (বৰ্তমান নগৰ উন্নয়ন বিভাগ) আৰু পৌৰ সংস্থাসমূহৰ মাজত সমন্বয়ক হিচাপে কাম কৰি তেওঁলোকৰ প্ৰয়োজন আৰু সমস্যাসমূহ অনুধাৱন কৰা আৰু পৰামৰ্শ, আঁচনি, প্ৰস্তাৱনা আদিৰ ৰূপত চৰকাৰৰ আগত দাঙি ধৰা।
- চক্ৰ বিষয়া, সহ-আয়ুক্ত, মহকুমাধিপতি, উপায়ুক্ত আদি বিষয়াৰ দ্বাৰা চৰকাৰৰ বিভিন্ন দিশ তথা সমস্যাৰ সমীক্ষণ কৰা।
- পৌৰ আৰু নগৰ সমিতি কাৰ্যালয়ৰ পৰিদৰ্শন কৰা।
- অসম পৌৰ আইনত উল্লিখিত আৰু চৰকাৰৰ নিৰ্দেশাৱলীৰ সঠিক ৰূপায়ণ প্ৰত্যক্ষ কৰা।
- বাজেটৰ সময়োচিত গঠন তথা পৌৰ আৰু নগৰ সমিতিৰ বাজেটৰ প্ৰস্তুতি নিৰীক্ষণ কৰা।
- স্থানীয় সংস্থাসমূহে যাতে ঋণ পৰিশোধৰ বাবে সকলো যাৱতীয় পদক্ষেপ গ্ৰহণ কৰে আৰু তাকে সুনিশ্চিত কৰা আৰু ঋণৰ হিচাপ-নিকাচৰ সত্যাসত্য নিৰূপণ কৰা।
- পৌৰ সংস্থা আৰু নগৰ সমিতিসমূহে যাতে চলিত কৰৰ বাহিৰেও বকেয়া কৰসমূহ সংগ্ৰহ কৰাত যত্পৰোনস্তি চেষ্টা অব্যাহত ৰাখে তাকে নিৰীক্ষণ কৰা।
- পৌৰ সভা আৰু নগৰ সমিতিৰ কাম-কাজসমূহ আইন অনুসাৰে সম্পন্ন হৈছে নে নাই প্ৰত্যক্ষ কৰা।
- যিবিলাক পৌৰসভা আৰু নগৰ সমিতিয়ে আইন ভংগ কৰিছে তেওঁলোকক সতৰ্ক কৰা, অসম পৌৰ আইন ১৯৫৬ অধ্যায় ১৯৮ৰ মতে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা
- পৌৰ সংস্থাসমূহৰ কাৰ্যাৱলীৰ ওপৰত ভিত্তি কৰি বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদন প্ৰস্তুত কৰা।
- অসম পৌৰ আইন, ১৯৫৬ৰ অধ্যায় ২৯৩ৰ অধীনত আৰু চৰকাৰী অধিসূচনা 27/71/48 তাৰিখ ১৬.০৬.১৯৭৩ উল্লেখ কৰা মতে পৌৰ সংস্থা আৰু নগৰ সমিতিসমূহক নিয়ন্ত্ৰণ কৰা।
- সময়ে সময়ে নগৰীয়া স্থানীয় সংস্থাৰ সৈতে জড়িত অন্যান্য বিভিন্ন বিষয় নিয়ন্ত্ৰণ আৰু সমাধান কৰা।