পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ মুখ্য উদ্দেশ্য হৈছে ঋণ আৰু অনুদানৰ ৰূপত অৰ্থনৈতিক সহযোগিতা আগবঢ়াই নগৰীয়া স্থানীয় সংস্থাসমূহক নাগৰিকৰ সুযোগ-সুবিধা, নগৰৰ পৰিবেশ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাত উদ্গণি যোগোৱা।
নগৰীয়া স্থানীয় সংস্থাসমূহৰ প্ৰাথমিক দায়িত্ব হৈছে জনসাধাৰণক মৌলিক সুবিধাসমূহ প্ৰদান কৰা আৰু তেওঁলোকৰ নিজস্ব ক্ষেত্ৰত যাৱতীয় নিৰ্মাণ কাৰ্য্যসমূহ সম্পন্ন কৰা।