মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

বিশ্ব বেংকৰ সহযোগিতাত অসম পৌৰ উন্নয়ন প্ৰকল্প

  •             অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ তৰফৰ পৰা এই প্ৰকল্পৰ সফল ৰূপায়ণৰ বাবে বিশ্ব বেংকৰ পৰা ১৫০ মিলিয়ন ডলাৰৰ অৰ্থসাহায্য আবেদন কৰা হৈছে যাতে ৰাজ্যৰ নগৰ উন্নয়নত এই অৰ্থ বিনিয়োগ কৰিব পৰা যায়। বৰ্দ্ধিত নগৰীকৰণৰ ফলত ভাৰতৰ আন ঠাইৰ লগতে চহৰ আৰু নগৰ অঞ্চলসমূহো বিভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। প্ৰস্তাৱিত প্ৰকল্প অসম পৌৰ উন্নয়ন প্ৰকল্পৰ মুখ্য উদ্দেশ্যসমূহ হৈছে অসমৰ নগৰৰ সেৱাসমূহৰ উন্নীতকৰণ আৰু নগৰীয়া স্থানীয় সংস্থা আৰু ৰাজ্যিক স্থানীয় সংস্থাসমূহৰ স্থায়ীত্ব বিস্তাৰত সহায় তথা উন্নীতকৰণ কৰা।

                অসম পৌৰ উন্নয়ন প্ৰকল্পৰ উদ্দেশ্যসমূহ হৈছে পুনৰজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান(AMRUT) আৰু স্বচ্ছ ভাৰত অভিযান পৰিপূৰ্ণিতাৰ বাবে নিম্লোলিখিত লক্ষ্যসমূহ সফল হোৱা –

    • প্ৰতিঘৰ পৰিয়ালত পানী কল আৰু সুনিশ্চিত পানী যোগান আৰু নৰ্দমাৰ সংযোগ।
    • চহৰসমূহত সেউজীয়া ঠাই, উদ্যান আৰু খালী ঠাইৰ ব্যৱস্থা কৰি জীৱন-যাপনত সহায় কৰা।
    • জল পৰিবহন অথবা মটৰ-ৰহিত যাতায়তৰ ব্যৱস্থা (খোজ কঢ়া আৰু চাইকেল চলোৱা) কৰি প্ৰদূষণ ৰোধ কৰা।

    এনে সুবিধাসমূহে সাধাৰণ জনতা বিশেষকৈ মহিলাসকলক বিশেষভাৱে উপকৃত কৰে যাৰ বাবে নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা সেৱা স্তৰৰ বেন্সমাৰ্কৰ (SLB)ৰ ৰূপত বিভিন্ন সংকেতৰ ব্যৱস্থা কৰা হৈছে।

    কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাবে ক্ৰমে ৪৫০০ লাখ আৰু ৫০০ লাখ টকা ২০১৫-১৬ বৰ্ষৰ বাজেটত অসম পৌৰ উন্নয়ন প্ৰকল্পত সহায় হবৰ বাবে সন্নিৱিষ্ট কৰা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰকল্পটো ৰূপায়ণৰ বাবে কোনো অনুমোদন লাভ কৰা নগল যাৰ ফলত এই প্ৰকল্পৰ বাবে আৰ্থিক সহায় মঞ্জুৰ নহল।