মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযান

  • এই আঁচনিৰ লক্ষ্য হৈছে নগৰৰ দৰিদ্ৰ পৰিয়ালসমূহক বিভিন্ন সা-সুবিধা প্ৰদান কৰি যেনে- আত্মসংস্থাপন আৰু কৌশলগত সংস্থাপনৰ ব্যৱস্থা আদি কৰি তেওংলোকৰ দৰিদ্ৰতা আৰু দুৰ্বলতা হ্ৰাস কৰা আৰু তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানৰ নিৰ্মাণ কৰি স্থায়ী জীৱিকা অৰ্জনৰ বাট মুকলি কৰি দিয়া। এই মিছনৰ আন এটি লক্ষ্য হব নগৰৰ আশ্ৰয়হীন লোকসকলক যথাযোগ্য বাসস্থান তথা সকলো ধৰণৰ লাগতিয়াল সেৱাৰ যোগান ধৰা। ইয়াৰ উপৰিও, পথৰ দাঁতিত অৱস্থিত বিক্ৰেতাসকলক সুবিধাজনক ঠাই, আনুষ্ঠানিক ঋণ, সামাজিক সুৰক্ষা আৰু অন্যান্য প্ৰয়োজনীয় কৌশল প্ৰদান কৰি তেওঁলোকৰ ব্যৱসায় তথা জীৱনৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়াসো কৰা হব।

    ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযানৰ মুখ্য উপাদানসমূহ এনে ধৰণৰ –

    • সামাজিক সচলতা আৰু আনুষ্ঠানিক উন্নয়ন।
    • কৌশলগত প্ৰশিক্ষণৰ জৰিয়তে কৰ্ম সংস্থাপন।
    • আত্ম সংস্থাপন কাৰ্যক্ৰম।
    • কৰ্মক্ষমতা গঠন আৰু প্ৰশিক্ষণ।
    • নগৰৰ আশ্ৰয়হীন সকলৰ বাবে আশ্ৰয়ৰ আঁচনি।
    • নগৰৰ পথৰ দাঁতিৰ বিক্ৰেতাক সহায়-সহযোগ।

    ২০১৫-১৬ বৰ্ষত ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযান ৰূপায়ণৰ বাবে ৫৩৭৮ লাখ কেন্দ্ৰ আৰু ৫৯৭ লাখ টকা ৰাজ্যিক অনুদান হিচাপে আবণ্টিত কৰা হৈছিল যদিও পুঁজিক মঞ্জুৰী দিয়া নহল।