মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

ইতিবৃত্ত

  • পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ স্থাপন হৈছিল ১৯৬৯ চনত এই সঞ্চালকালয়ৰ প্ৰধান কাৰ্য্য হৈছে নগৰীয়া স্থানীয় সংস্থাসমূহক সুচাৰুৰূপে কাম কৰাত সহায় কৰা, নগৰীয়া স্থানীয় সংস্থাসমূহৰ বাজেট নিয়ন্ত্ৰণ কৰা আৰু নগৰীয়া স্থানীয় সংস্থা আৰু ৰাজ্যিক স্থানীয় সংস্থাসমূহৰ মাজত সমন্বয়ক হিচাপে কাম কৰি তেওঁলোকৰ প্ৰয়োজন, সমস্যা আদিৰ বিষয়ে চৰকাৰক অৱগত কৰা।

                পৌৰ প্ৰশাসন সঞ্চালকালয়ে ৩৩খন পৌৰ মণ্ডল, সমতল জিলাত ৪৭খন নগৰ সমিতি আৰু বড়ো স্বায়ত্ত শাসিত পৰিষদৰ ১খন পৌৰ মণ্ডল আৰু ৭খন নগৰ সমিতিৰ নিয়ন্ত্ৰণৰ দায়িত্ব বহন কৰি আহিছে। আন ১২খন নগৰ সমিতি ডিমা হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আদি জিলা পৰিষদৰ প্ৰশংসনীয় নিয়ন্ত্ৰণৰ অধীনত আছে।