মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

নগৰীয়া স্থানীয় সংস্থা/ইউ.এল.বি.

নগৰীয়া স্থানীয় সংস্থাসমূহ হৈছে একো একোটা ক্ষুদ্ৰ স্থানীয় সংস্থা যিয়ে একোটা নিৰ্দিষ্ট জনসংখ্যাৰে গঠিত একোখন চহৰ বা নগৰ শাসন বা পৰিচালনা কৰে। এনে নগৰীয়া স্থানীয় সংস্থাসমূহক ৰাজ্য চৰকাৰৰ দ্বাৰা একোখনকৈ দীঘলীয়া তালিকাৰ দায়িত্ব তথা কাৰ্য্যাৱলী প্ৰদান কৰা হয়। এনে কাৰ্য্য আৰু দায়িত্বসমূহ সাধাৰণতে জনস্বাস্থ্য, উন্নয়ন, নিয়ন্ত্ৰণকাৰী কাৰ্য্যাৱলী, জন সুৰক্ষা, জন আন্তঃগাঁঠনি আৰু অন্যান্য গঠনমূলক কাৰ্য্যৰ সৈতে জড়িত।

            পৌৰ নিগম, নগৰপালিকা, অধিসূচিত এলেকা সমিতি, নগৰ অঞ্চল সমিতি, বিশেষ উদ্দেশ্যৰ বাবে সংগঠিত সংস্থা, সৰু নগৰ, বন্দৰ ন্যাস, কেণ্টনমেণ্ট বোৰ্ড ইত্যাদি বিভিন্ন ধৰণৰ নগৰীয়া স্থানীয় সংস্থা ভাৰতত অৱস্থিত।

            নগৰীয়া স্থানীয় সংস্থাসমূহৰ আয় উপাৰ্জনৰ মূখ্য উত্সসমূহ এনে ধৰণৰ –

  • অসম পৌৰ আইন,১৯৫৬ত অৰ্পণ কৰা দায়িত্ব অনুসৰি কৰ আৰু বিনা কৰ উত্সৰ পৰা ধন সংগ্ৰহ।
  • ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ ক্ৰমে বিতাড়িত কৰ আৰু দায়িত্বৰ বিকেন্দ্ৰীকৰণ।
  • অসম চৰকাৰ তৰফৰ পৰা সহায়ক অনুদান প্ৰদান।
  • কেন্দ্ৰীয় পৃষ্ঠপোষকতাত নিৰ্মিত আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সহায়ক অনুদান প্ৰদান।
  • কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত গঠিত আঁচনিত থকা অসম চৰকাৰৰ অংশ।
  • কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বিত্ত আয়োগৰ দ্বাৰা প্ৰদান কৰা বঁটা।

 

Downloads
TitleSizeDetail
List of Urban Local Bodies in Assam (District-Wise)39.02 KBswf-image
Population-Wise List of Urban Local Bodies in Assam13.14 KBswf-image
Contact Details of Executive Officers & Chairman/Vice-Chairman of Urban Local Bodies701.68 KBswf-image