মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

চতুৰ্দশ বিত্ত আয়োগ

আগকথা

  • ২ জানুৱাৰী ২০১৩ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ২০১৫-২০২০ বৰ্ষত কেন্দ্ৰীয় ৰাজ্যিক ৰাজকোষৰ লেনদেন সম্বন্ধীয় বিভিন্ন বিষয়ত সংমোদন জনাবৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ গঠন কৰা হয়। এই পৰিষদে ১৫ ডিচেম্বৰ,২০১৪ত ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰতিবেদন দাখিল কৰে।
  • তাৰোপৰি চতুৰ্দশ বিত্তীয় আয়োগৰ দায়িত্ব আছিল ৰাজ্যৰ বাবে দৃঢ় কৰা বিত্তীয় সহায় বৃদ্ধিৰ বাবে পৰামৰ্শ আগবঢ়োৱা যি বিত্তীয় সহায়ৰ দ্বাৰা পঞ্চায়ত আৰু নগৰপালিকাৰ সম্পত্তিসমূহৰ পৰিপূৰণ কৰিব পৰা যায়। ৰাজ্যিক বিত্তীয় আয়োগৰ অনুমোদন ক্ৰমে এই দায়িত্ব অৰ্পণ কৰা হৈছে।
  • চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ বাবে প্ৰস্তুত কৰা বিভিন্ন নিৰ্দেশাৱলীৰ কাৰ্য্যাৱলীসমূহৰ স্মাৰকপত্ৰ ২৪ ফেব্ৰুৱাৰী,২০১৫ত সদনত আগবঢ়োৱা হয়। স্থানীয় সংস্থাসমূহৰ পৰিপ্ৰেক্ষিতত চতুৰ্দশ বিত্তীয় আয়োগৰ পৰামৰ্শসমূহ ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হয়।

অনুমোদিত অনুদান

  • স্থানীয় সংস্থাসমূহে যাতে তেওঁলোকক প্ৰদান কৰা নিৰ্দিষ্ট সেৱাসমূহ যথাসম্ভৱ পৰিকল্পনা আৰু ৰূপায়ণৰ দ্বাৰা সুশৃংখলিতভাৱে আৰু আইনগতভাৱে সম্পন্ন কৰে তাৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগে নিশ্চিত অনুদানৰ অনুমোদন কৰিছে। আয়োগৰ দ্বাৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে যে সকলো ধৰণৰ সমাধান আৰু অনুদান স্থানীয় সংস্থাসমূহৰ প্ৰাথমিক দায়িত্ব যেনে বিভিন্ন প্ৰকাৰৰ সেৱাসমূহৰ উন্নীতকৰণত ব্যৱহাৰ কৰা হব যাৰ ফলত নাগৰিকসকলে এই সেৱাসমূহ গ্ৰহণ কৰাত আৰু বিনিময়ত ধন আদায় দিয়াৰ প্ৰতি আগ্ৰহী হব। গতিকে, পঞ্চায়ত আৰু পৌৰসভাৰ দ্বাৰা প্ৰাথমিক সেৱাসমূহ আগবঢ়াওঁতে উদ্ভৱ হোৱা ব্যয়সমূহ ৰাজ্যিক আইন অনুসৰি অনুমোদন কৰিবৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে।। এনে সেৱাত হোৱা ব্যয়সমূহ প্ৰাসঙ্গিক নিয়মাৱলী, প্ৰক্ৰিয়া আৰু কাৰ্য্যপ্ৰণালী ভিত্তিত সঠিক পৰিকল্পনাৰে পঞ্চায়ত আৰু পৌৰসভাৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
  • ২০১৫-১৬ বৰ্ষৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগে মুঠ ২,৮৭,৪৩৬ কোটি টকাৰ অনুদান আবেদন কৰিছে। এই অনুদানৰ ২,০০,২৯২.২০ কোটি টকা পঞ্চায়ত আৰু ৮৭,১৪৩.৮০ কোটি টকা নগৰপালিকাৰ বাবে পৰামৰ্পিত কৰা হৈছে। এই বৰ্ষৰ বাবে এই নিৰ্দিষ্ট অনুদান চূড়ান্ত কৰা হৈছে। ৰাজ্যিক বাৰ্ষিক আৰু ৰাজ্যিক অনুদান বিতৰণসমূহ Annex-I আৰু II ত দেখুওৱা হৈছে।

অনুদানৰ উপাদানসমূহ

চতুৰ্দশ বিত্তীয় আয়োগে বিধিসন্মতভাৱে গঠন হোৱা পঞ্চায়ত (গ্ৰাম্য স্থানীয় সংস্থা) আৰু নগৰপালিকা (নগৰীয়া স্থানীয় সংস্থা/ইউ.এল.বি.)ৰ বাবে দুটা স্তৰত সহায়ক অনুদান প্ৰদান কৰিবৰ পৰামৰ্শ দিছে--

  • মৌলিক অনুদান আৰু
  • কৰ্মক্ষমতা অনুসৰি অনুদান

গ্ৰাম্য পঞ্চায়তৰ ক্ষেত্ৰত প্ৰদান কৰা অনুদানৰ ৯০ শতাংশ হব মৌলিক অনুদান আৰু ১০ শতাংশ কৰ্মদক্ষতা অনুসৰি অনুদান। নগৰপালিকাৰ ক্ষেত্ৰত মৌলিক আৰু কৰ্মক্ষমতাৰ ভিত্তিত প্ৰদান কৰা অনুদানৰ অনুপাত হব ৮০:২০। ৰাজ্যসমূহৰ অনুদানৰ অংশসমূহ Annex-I আৰু IIত দেখুওৱা হৈছে।